October 14, 2025 11:44 AM

views 47

পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত আফগানিস্তানে নিজৰ উদ্দেশ্যত সফল হৈছে

● আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টাকীয়ে কৈছে যে পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত দেশখনে নিজৰ উদ্দেশ্যত সফল হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমুট্টাকীয়ে কয়, যে পাকিস্তানৰ আক্ৰমণৰ পাছতেই আফগানিস্তানে মাত্ৰ এটা সামৰিক অভিযান কৰিছিল। বর্তমান ভাৰতত থকা আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে কাটাৰ আৰু অন্যান্য আৰৱ ৰাষ্ট্ৰৰ লেখীয়া আফগানিস্তানৰ বন্ধু ৰাষ্ট্ৰসমূহে যুদ্ধ বন্ধ কৰিবলৈ দেশখনক অনুৰোধ জনাইছিল। তেওঁ কয় যে যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয়...

October 10, 2025 3:31 PM

views 62

কাবুলত কেইবাটাও বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান- আফগানিস্তানৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি

● কাবুলত কালি কেইবাটাও বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। দেশখনৰ কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু আবাসিক স্থলেৰে সমৃদ্ধ পূব কাবুলত সংঘটিত এই বিস্ফোৰণৰ ঘটনাৰ ফলত অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি হয়। তালিবানৰ প্ৰধান মুখপাত্রই এই আক্ৰমণৰ ঘটনাৰ বিষয়ে নিশ্চিত কৰি দি কয় যে তেওঁলোকে ইতিমধ্যে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এই ঘটনাৰ আঁৰৰ কাৰণ বৰ্তমানলৈ উদঘাটন হোৱা নাই যদিও প্রাথমিক তথ্য অনুসৰি এয়া বিমান আক্ৰমণৰ ঘটনা বুলি ...

September 1, 2025 2:55 PM

views 78

আফগানিস্তানৰ কুনাৰ প্ৰদেশত ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু

● আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত কালি হোৱা এটা ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক সমীক্ষা মতে ৰিখাৰ স্কেলত ৬ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ নানগাৰহাৰ প্ৰদেশৰ জালালাবাদ নগৰৰ ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবত বুলি কোৱা হৈছে। কুনাৰ দুৰ্যোগ্য ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নুৰ্গুল, চোকী, ৱাতপুৰ, মানোগি আৰু চানাডাৰা জিলাত কমেও ২৩০ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৫০০ জন আহত হৈছে। পাকিস্তান আৰু ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে উ...

August 29, 2025 2:37 PM

views 22

আফগানিস্তানক গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

● আফগানিস্তানত ২ কোটি ২০ লাখ লোকক সম্প্ৰতি সাহায্যৰ প্ৰয়োজন হোৱাৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই দেশখন গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়াই দিছে। সংস্থাটোৱে শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰা মতে পুঁজিৰ সংকটৰ ফলস্বৰূপে দেশখনত স্বাস্থ্য প্রতিষ্ঠান বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। তদুপৰি, ব্যাপক হাৰত শৰণাৰ্থী প্ৰত্যাৱৰ্তনৰ ফলত স্বাস্থ্য খণ্ডত গুৰুতৰ সংকটে দেখা দিছে বুলিও এই প্রতিবেদনত প্ৰকাশ পাইছে। চলিত বৰ্ষত আফগানিস্তানৰ ১ কোটি ৬০ লাখতকৈও অধিক লোকক জীৱন ৰক্ষামূলক সহায়...