দৰং জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি জিলাখনৰ দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কাৰ্যসূচী দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই পৰিচালনা কৰে। কেন্দ্ৰটোৰ অধীক্ষক ডাঃ ছৈয়দ ইফটিকাৰ ছোভানীয়ে প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দীপ্তি বৰুৱাই ভাষণ দিয়ে। এই প্রশিক্ষণ অনুষ্ঠানত কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে।
Assamese | November 20, 2025 7:43 PM | Akashvani | Akashvani Guwahati | Cancer Care | Local news
দৰং কৰ্কট কেন্দ্ৰত মহিলাৰ জৰায়ু মুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ বিষয়ক এটা প্ৰশিক্ষণ কার্যসূচী