● নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হৈছে। অপাৰেচন সিন্দূৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূৰ্ণ হৈ উঠিছে। এই সন্মিলনে দেশৰ নেতৃবৰ্গ আৰু আমোলাসকলৰ মাজত মত বিনিময়ৰ মঞ্চ হিচাপে কাম কৰে আৰু সাম্প্ৰতিক ভূ-ৰণনীতি প্ৰেক্ষাপটত বহুমুখী প্ৰত্যাহ্বান দূৰ কৰাৰ প্ৰতি নৌসেনাবাহিনীৰ দৃষ্টিভংগী সুদৃঢ় কৰি তোলে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ গুৰুত্বৰ বিষয়ে বিশ্লেষণ আগবঢ়াব। চীফ অৱ ডিফেন্স ষ্টাফ আৰু বায়ু সেনা বাহিনীৰ মুৰব্বীয়েও সন্মিলনত ভাষণ দিব।
Assamese | October 22, 2025 3:11 PM | Akashvani | Akashvani News | Rajnath Singh
দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সন্মিলন আৰম্ভ