বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে আজি তামুলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। তেওঁ গোৰেশ্বৰ চ’কৰ পৰা গোৰেশ্বৰ কলেজলৈ ২০২৫-২৬ অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথৰ লগতে আন্ধেৰীঘাটৰ পৰা ডিমাকুছি, বগামাটি হৈ বঙালীপাৰালৈ যোৱা পথ, ডাৰকুছিৰ পৰা সোণতলালৈ যোৱা পথৰ লগতে বি টি চিৰ মুঠ ছটা পথৰ আধাৰশিলা স্থাপন কৰে। পৰৱৰ্তী সময়ত পর্যায়ক্রমে বি টি চিৰ উন্নয়নমূলক কাম-কাজসমূহ কৰি যাব বুলিও বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য শ্রীমহিলাৰীয়ে মন্তব্য কৰে।
Assamese | December 6, 2025 6:46 PM | Akashvani | Akashvani Guwahati | hagrama mahilari btc | Local news
তামুলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ