January 18, 2026 10:58 AM

views 40

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীৰ প্ৰকাশ

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীয়ে প্ৰকাশ কৰিছে। বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰি শ্ৰীমহিলাৰীয়ে কালি এইদৰে মন্তব্য কৰে। ২০০৩ চনত অটল বিহাৰী বাজপেয়ীৰ দিনত বড়ো চুক্তি আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০২০ চনত বড়ো শান্তি চুক্তি সম্পাদিত হোৱা বুলি বিটিচিৰ মুৰববীগৰাকীয়ে কয়, যে বড়ো লোকসকলে বিজেপি চৰকাৰে দেখুওৱা মৰম কেতিয়াও পাহৰিব নোৱাৰে। বিজেপি চৰকাৰে লোৱা পদক্ষেপৰ বাবেই...

December 6, 2025 7:03 PM

views 43

ওদালগুৰিৰ ৰৌতাত ক্রীড়া একাডেমীৰ আধাৰশিলা হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি ওদালগুৰিৰ ৰৌতাত এটা ক্রীড়া একাডেমীৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ উপ-প্ৰমুখ ৰিহগ দৈমাৰী প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 6, 2025 6:46 PM

views 45

তামুলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বি টি চি প্রধান হাগ্রামা মহিলাৰীৰ

বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে আজি তামুলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। তেওঁ গোৰেশ্বৰ চ'কৰ পৰা গোৰেশ্বৰ কলেজলৈ ২০২৫-২৬ অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথৰ লগতে আন্ধেৰীঘাটৰ পৰা ডিমাকুছি, বগামাটি হৈ বঙালীপাৰালৈ যোৱা পথ, ডাৰকুছিৰ পৰা সোণতলালৈ যোৱা পথৰ লগতে বি টি চিৰ মুঠ ছটা পথৰ আধাৰশিলা স্থাপন কৰে। পৰৱৰ্তী সময়ত পর্যায়ক্রমে বি টি চিৰ উন্নয়নমূলক কাম-কাজসমূহ কৰি যাব বুলিও বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য শ্রীমহিলাৰীয়ে মন্তব্য কৰে।

October 6, 2025 12:25 PM

views 52

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শপতগ্ৰহণ

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কালি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শ্রীমহিলাৰীয়ে ইংৰাজী ভাষাত শপতগ্ৰহণ কৰে । কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কালি ৰিহন দৈমাৰীকে ধৰি ১০ গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে শপতগ্ৰহণৰ পাছত অনুষ্ঠানত ভাষণ দি বড়োলেণ্ডৰ সৰ্বাংগীণ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ...