ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।
সভাত সাংস্কৃতিক পৰিক্রমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ টেছ গোৱালা, বিধায়ক প্রশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড০ চৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পূষ্পাঞ্জলি সোণোৱাল, আয়ুক্ত বিক্ৰম কৈৰী আদিকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।