July 11, 2026 6:51 PM

views 1

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সু-সংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা...

July 2, 2026 7:13 PM

views 6

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত পৰ্যালোচনা বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সভাত সাংস্কৃতিক পৰিক্রমা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ টেছ গোৱালা, বিধায়ক প্রশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড০ চৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পূষ্পাঞ্জলি সোণোৱাল, আয়ুক্ত বিক্ৰম কৈৰী আদিকে ধৰি বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।