প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্রহ্লাদ যোশীয়ে লিখা এটা প্রবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয়, যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই-জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
ই-জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্ৰীযোশীয়ে কয়, যে গ্রাহকসকলৰ ওজৰ-আপত্তি ডিজিটিয়কৰণৰ জৰিয়তে দেশৰ গ্ৰাহকৰ ন্যায় ব্যৱস্থা আধুনিকীকৰণ কৰাটোৱে হৈছে এই সংস্কাৰমুখী উদ্যমৰ মূল লক্ষ্য। তেওঁ কয়, যে ই-জাগৃতি মঞ্চই ব্যৱস্থাটো অধিক খৰতকীয়া, স্বচ্ছ কৰাৰ লগতে ডিজিটেল প্রযুক্তি, কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰে ব্যৱস্থাটোক অধিক সহজ কৰি তুলিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নাগৰিককেন্দ্ৰিক এই প’ৰ্টেলত অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে সময়ে সময়ে বিকশাই তোলা হ’ব। সমগ্র দেশতে এই প’ৰ্টেল ব্যৱস্থা কাৰ্যকৰী কৰাৰ পদক্ষেপে চৰকাৰৰ দায়বদ্ধ প্ৰশাসনৰ আদৰ্শকে প্রতিফলিত কৰিছে। তেওঁ লগতে কয়, যে দেশৰ ডিজিটেল অৰ্থনীতিৰ সম্প্ৰসাৰণ ঘটিছে আৰু এই ক্ষেত্ৰত দক্ষ গ্ৰাহকৰ ওজৰ-আপত্তি সমাধান কৰা ব্যৱস্থাই জনসাধাৰণৰ বিশ্বাস শক্তিশালী কৰাৰ লগতে ক্রেতা-বিক্রেতাৰ মাজৰ ব্যৱসায়িক দিশটো অধিক স্বচ্ছ কৰি তুলিব।