কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলা বিষয়ক লৈ আলোচনা কৰে। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।
Assamese | November 12, 2024 2:29 PM | AIR GUWAHATI | Akashvani | Akashvani Guwahati
গুৱাহাটীত পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কেন্দ্রীয় মন্ত্রী চি আৰ পাৰ্টিলৰ