September 23, 2026 10:57 AM | Assam Govt

printer

ৰাজ্য চৰকাৰৰ নতুনকৈ ৮ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত

ৰাজ্যৰ শিশুসকলৰ সামগ্রিক উন্নয়নৰ বিষয়টো অধিক গুৰুত্ব আৰোপ কৰি ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ’ব। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰী অজন্তা নেওগে এইকথা প্ৰকাশ কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্রী নেওগে জিলাখনত অংগনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ শিশুৰ প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাঁথনিৰে কেন্দ্ৰসমূহ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা সভাত যিসমূহ অংগনৱাড়ী কেন্দ্ৰৰ নিজা গৃহ নাই, সেইসমূহ কেন্দ্রক গৃহ নিৰ্মাণৰ বাবে অগ্ৰাধিকাৰ দি নতুনকৈ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে। অংগনৱাড়ী কেন্দ্ৰসমূহৰ বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ মাচুলৰ সমস্যা সন্দৰ্ভতো এ পি ডি চি এলৰ সৈতে আলোচনা কৰি বিষয়টো সমাধান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। যিসমূহ অংগনৱাড়ী কেন্দ্ৰত শিশুৰ সংখ্যা ১০তকৈ সেইসমূহ কেন্দ্ৰ ওচৰৰ অংগনৱাড়ী কেন্দ্ৰৰ সৈতে একত্ৰিকৰণ কৰা হ’ব। অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাৰ অৱসৰৰ সুবিধা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। পূৰ্বতে দেশৰ অংগনৱাড়ী কৰ্মীসকলৰ অৱসৰৰ বয়স নিৰ্ধাৰণ কৰা হোৱা নাছিল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্রীসভাই অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীসকলৰ অৱসৰৰ বয়স ৬০ নিৰ্ধাৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। অৱসৰৰ পাছত অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীসকলক ৪ লাখ টকা এককালীন সাহায্য আৰু সহায়িকাসকলক ৩ লাখ টকা লগতে ক্ষুদ্র অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীসকলক ২ লাখ টকাকৈ অৱসৰকালীন সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত এতিয়ালৈকে অৱসৰকালীন সুবিধা হিচাপে অংগনৱাড়ী কৰ্মীসকলক প্ৰায় ৮০০ কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

আনহাতে বজালী জিলা সীমা নিৰ্ধাৰণ আৰু জিলাখনৰ আৰক্ষী থানা তথা আৰক্ষী চকী বৰপেটালৈ স্থানান্তৰ সন্দৰ্ভত মন্ত্ৰী নেওগে বিষয়টো গৃহ বিভাগৰ বিবেচনাধীন বুলি প্ৰকাশ কৰে। পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।