September 23, 2026 11:04 AM | Nagon election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু-বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ-নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দীপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডা০ ৰণোজ পেগু, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংহল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী নেতা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই প্ৰকাশ কৰা মতে ২৮ ছেপ্তেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিবাচনী প্ৰচাৰত অংশ ল’ব। সমষ্টিটোৰ কেইবাটাও ঠাইত কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এই নির্বাচনী সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। আজিও সমষ্টিটোৰ বিজেপিৰ হৈ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিজেপিৰ তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলাব।

ইপিনে কংগ্ৰেছৰ প্ৰচাৰ তালিকাত ভূপেশ বাঘেল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, পবন খেৰা, সুপ্রিয়া শ্ৰীনেটেকে ধৰি মুঠ ৪০ গৰাকী নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে। এ আই ইউ ডি এফেও ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৬ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।