ৰাজ্যৰ বিত্ত বিভাগে পিতৃত্বকালীন ছুটীৰ ব্যৱস্থাত অনুমোদন জনাইছে। বিত্ত বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি দুটাতকৈ কম সন্তান থকা ৰাজ্য চৰকাৰৰ পুৰুষ কৰ্মচাৰী বা অস্থায়ী কৰ্মচাৰী পত্নীৰ সন্তান প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পাছত দুসপ্তাহৰ বিশেষ পিতৃত্বকালীন ছুটী লাভ কৰিব। সন্তান জন্ম হোৱাৰ আগত বা সন্তান জন্মৰ ছমাহৰ ভিতৰত এই ছুটী ল’ব পৰা যাব। পিতৃত্বকালীন ছুটীৰ সময়ত কৰ্মচাৰীজনে সম্পূৰ্ণ দৰমহা লাভ কৰিব। এই ছুটী অন্য ছুটীৰ সৈতে একত্ৰিত কৰিও ল’ব পৰা যাব। ছেৰ’গেছী ব্যৱস্থাৰে জন্ম হোৱা সন্তানৰ পিতৃয়েও এই ছুটী লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অধিক অংশগ্রহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে।
Assamese | September 23, 2026 11:06 AM | Assam Govt
ৰাজ্যৰ বিত্ত বিভাগৰ পিতৃত্বকালীন ছুটীৰ ব্যৱস্থাত অনুমোদন