September 23, 2026 10:51 AM | Assam CM Meeting

printer

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কালি ডিফুত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা-আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসু ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অহা বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ’ব পাৰে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৰালাংছ’ত বিভিন্ন দল-সংগঠন আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়।