June 9, 2026 11:12 AM
22
ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰৰ স্থায়ী ব্যৱস্থা গ্ৰহণ
ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্...