মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৫৪ সংখ্যক উত্তৰ-পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি উত্তৰ-পূব খণ্ডত বৰ্তমানৰ দৰেই অনাগত দিনত শান্তিৰ পৰিৱেশ বাহাল থকাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে ১৯ গৰাকী মহিলা বিষয়াকে ধৰি প্ৰশিক্ষণ সমাপ্ত কৰা অসমৰ মুঠ ৬২ গৰাকী বিষয়াৰে ৰাজ্যৰ জিলা আৰু সমজিলা পৰ্যায়ত নিৰাপত্তাৰ দিশটো উন্নত কৰাৰ উপৰি জনঅনুকূল আৰক্ষী ব্যৱস্থা গঢ়ি তুলিব পৰা যাব। ড° শৰ্মাই আজি এই প্রশিক্ষণ পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৭০ গৰাকী উপ-আৰক্ষী অধীক্ষকক শুভেচ্ছা জনায়। তেওঁ বিষয়াসকলক জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হৈ থাকি অপৰাধৰ বিৰুদ্ধে সামূহিক যুঁজত অংশীদাৰ হ’বলৈ আহ্বান জনায়।
Assamese | March 28, 2025 6:27 PM | Assam CM Meeting
৫৪ সংখ্যক উত্তৰ-পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ