ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা পাঁচ বছৰত ২০০ বর্গ কিলোমিটাৰতকৈও অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে, বৈঠকত মুখ্যমন্ত্রীয়ে কৃষকসকলে সর্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্রসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অর্থাৎ নাবার্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কর্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জি আই টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্রিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়ে।
Assamese | June 9, 2026 11:12 AM | Assam CM Meeting
ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰৰ স্থায়ী ব্যৱস্থা গ্ৰহণ