June 27, 2026 8:54 PM | Assam CM Meeting

printer

গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেডফিৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেডফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

 বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অর্থনীতি অধিক শক্তিশালী কৰা বিষয়টো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্রিকেটৰ কিংবদন্তি খেলুৱৈ সুনিল মনোহৰ গাভাস্কাৰে লোক সেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। 

এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভকৰে।