চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান সন্দৰ্ভত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। জনগোষ্ঠীটোৰ লোকসকলক কি পদ্ধতিৰে ভূমি হস্তান্তৰ কৰা হ’ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্তসকলক নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ উপৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলেও অংশ লৈছে।
Assamese | December 2, 2025 9:49 PM | Assam CM Meeting
চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান সন্দৰ্ভত জিলাসমূহৰ আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূর্ণ বৈঠক