মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপস্থিতিত শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শিক্ষা অধিকাৰ আইন, ২০০৯ ৰ অনুচ্ছেদ ১২ (১)ৰ ফলপ্ৰসু ৰূপায়ণ, অসম মহাবিদ্যালয় সেৱা নিয়োগ বোর্ড সক্রিয়কৰণ আৰু প্রস্তাবিত বিদ্যালয় শিক্ষা আয়ুক্তালয় আদি বিষয়ত বিস্তৃতভাৱে পর্যালোচনা কৰা হয়।
Assamese | August 18, 2026 8:10 PM | Assam CM Meeting
শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াৰসকলৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ গুৰুত্বপূৰ্ণ বৈঠক