জাগীৰোডৰ টাটা ইলেকট্রনিকছৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰা হৈছে। এই পৰীক্ষামূলক উৎপাদন আৰম্ভ হোৱাৰ পাছত প্ৰকল্পটোত অহা ডিচেম্বৰ বা জানুৱাৰীৰ পৰা বাণিজ্যিক উৎপাদন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্রণ জনোৱা হৈছে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ জাগীৰোডত পূৰ্বৰ নগাঁও কাগজকলৰ ভূমিত প্রায় ৫৯২ একৰ এলেকাজুৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছে। এই বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰৰ মাজভাগত এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। নির্মীয়মান অৱস্থাতে টাটা গ্রুপে ছেমি কণ্ডাক্টৰ প্ৰকল্পটোত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰিছে। তথ্য অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ সক্ষমতাৰে কাৰ্যক্ষম হ’লে প্ৰতিদিনে প্রায় ৪ দশমিক ৮ কোটি চিপ উৎপাদন কৰিব পৰা যাব। প্ৰকল্পটোত উৎপাদিত চিপসমূহ অটোমোবাইল, বৈদ্যুতিক বাহন, টেলি কমিনিউকেচন আৰু গ্ৰাহক ইলেকট্ৰনিকছৰ লগতে গুৰুত্বপূৰ্ণ খণ্ডত ব্যৱহাৰ হ’ব। এই প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাজ্যৰ প্ৰায় ২৭ হাজাৰ লোকে কৰ্মসংস্থাপনৰ সুযোগ পাব বুলি আশা কৰা হৈছে। ইফালে প্ৰকল্পটোত মহিলা কর্মসংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। টাটা ইলেকট্ৰনিকছৰ বিভিন্ন প্রশিক্ষণ কেন্দ্ৰত প্ৰায় ৫০০ মহিলাক প্রশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে কেইবাগৰাকীও মহিলাই এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰি চাকৰিত যোগদান কৰিছে।
Assamese | September 23, 2026 10:47 AM | Jagiroad
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ