September 23, 2026 10:47 AM
25
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ
জাগীৰোডৰ টাটা ইলেকট্রনিকছৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰা হৈছে। এই পৰীক্ষামূলক উৎপাদন আৰম্ভ হোৱাৰ পাছত প্ৰকল্পটোত অহা ডিচেম্বৰ বা জানুৱাৰীৰ পৰা বাণিজ্যিক উৎপাদন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্রণ জনোৱা হৈছে। উল্লেখযোগ্য যে মৰি...