জাগীৰোড চহৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা জাগীৰোডৰ বিধায়ক পীযূষ হাজৰিকাই কালি জাগীৰোড চহৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চহৰখনত নতুনকৈ গঢ়ি তোলা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰে’লৱে উৰণ সেতুৰ ষ্ট্রীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ মুকলি কৰে।

সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি শ্ৰীহাজৰিকাই কয়, যে অনাগত দিনত অঞ্চলটোত অন্যান্য কল্যাণকামী প্রকল্প ৰূপায়ণৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত জাগীৰোড সমষ্টিত ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ।

মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁৱৰ আয়ুক্ত সৃষ্টি সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।