মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে আজি ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্রী পীযুষ হাজৰিকাই বকুল আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ তিনিখন বাহন মুকলি কৰে। জাগীৰোড পঞ্চায়তৰ উপৰি দেওশাল আৰু পালিগুৰি গাঁও পঞ্চায়তলৈ এই বাহনসমূহ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত তেওঁ জনসাধাৰণক জাগীৰোড নগৰখনক পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ৰাখি সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়।
Assamese | July 17, 2025 7:41 PM | Akashvani Guwahati | Akashvani News | Jagiroad
জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ