মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয় ৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পৰ নিৰ্ধাৰণৰ কাম ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰকল্পটো সম্পূৰ্ণ হ’লে ২৭ হাজাৰ কৰ্মসংস্থান সৃষ্টি হ’ব। দৈনিক ৪৮ মিলিয়ন চিপ উৎপাদনৰ সামৰ্থ্য থকা এই প্রকল্প ৰাজ্যত প্ৰযুক্তিগত প্ৰগতিৰ দিশত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।
Assamese | August 3, 2024 2:21 PM | CMO Assam | Jagiroad | morigaon tata group semi conductor
জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন