কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত স্থানীয় মিনি ষ্টেডিয়ামত আজিৰেপৰা প্ৰাক্তন ফুটবল খেলুৱৈ অনন্তৰাম দাস আৰু গণপতি মজুমদাৰ সোঁৱৰণী সদৌ অসম ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী খেলখনত ঢোলকুছি সত্যকাম সংঘই কমলপুৰ ফুটবল একাদশক ২-১ গ’লত পৰাস্ত কৰে। খেলখন উদ্বোধন কৰে নলবাৰী জিলা পৰিবহণ বিষয়া ক্ষীৰোদ দাসে।
Assamese | September 7, 2024 8:59 PM | Akashvani | Kamrup | SPORTS
কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত সদৌ অসম ফুটবল প্রতিযোগিতা