কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড° হৰিণি অমৰসূৰ্যক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড° হৰিণি অমৰসূৰ্যক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই উন্নয়নমূলক সহযোগিতাকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। বৈঠকত শিক্ষা, তথ্য-প্রযুক্তি, আন্তঃগাঁথনি, উদ্ভাৱন আৰু গৱেষণাকে ধৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়।

দুয়োগৰাকী নেতাই ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্রাচীন কালৰেপৰা থকা সভ্যতাজনিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰে আৰু জনসাধাৰণৰ সম্পৰ্কই এই বান্ধোন অধিক কটকটীয়া কৰা বুলি মত পোষণ কৰে।

বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী সিঙে কয়, যে উমৈহতীয়া ঐতিহ্যৰ বাবে ভাৰত আৰু শ্ৰীলংকাই অঞ্চলটোৰ শান্তি-সমৃদ্ধি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম অব্যাহত ৰখা উচিত। সামর্থ্য বৃদ্ধি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে ড° হৰিণি অমৰসূৰ্যক শ্রীলংকা আৰু ভাৰত উভয় দেশৰ মহিলাৰ বাবে আদৰ্শ আৰু মহিলা সৱলীকৰণৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয়, যে প্ৰশাসন আৰু নেতৃত্বৰ ক্ষেত্ৰত মহিলাৰ অংশগ্রহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ আৰু অন্য চৰকাৰী উদ্যমৰ অধীনত জলপানি লাভৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনৰ মহিলাসকলক ভাৰতে উৎসাহিত কৰি যাব।

মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন কৰ্মচাৰী বীমা নিগম চিকিৎসালয়— ই এছ আই চি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। ৰাজ্যৰ শ্ৰম মন্ত্ৰী লালিংল’ভা মা’ৰে কেন্দ্ৰীয় শ্ৰম আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মিজোৰামত শ্রমিক কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ দিয়ে।

তেওঁ কয়, যে শ্রমিক কল্যাণ ব’ৰ্ডৰ অধীনত মিজোৰামত গৃহ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনি নির্মাণ বৃদ্ধি পাইছে। শ্রম মন্ত্ৰীগৰাকীয়ে লগতে এখন ই এছ আই চি চিকিৎসালয় স্থাপনেৰে ৰাজ্যবাসীক উপকৃত কৰিবলৈ আহ্বান জনায়।

তেওঁ মিজোৰামৰ বিশেষ প্রয়োজনসমূহৰ কথা অনুধাৱন কৰি ই এছ আই চি-ৰ পঞ্জীয়নৰ ক্ষেত্ৰত হোৱা অগ্রগতি চালিজাৰি চাবলৈও মন্ত্ৰীগৰাকীক আহ্বান জনায়। কেন্দ্রীয় মন্ত্রী মন্দাভিয়াই মিজোৰামৰ শ্ৰম মন্ত্ৰীগৰাকীৰ এই আহ্বান, বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে। মিজোৰামৰ মন্ত্ৰীগৰাকীয়ে লগতে খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় সাহায্য বৃদ্ধি কৰিবলৈ আহ্বান জনায়। শ্রীমন্দাভিয়াই এই বিষয়টো বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে।