ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমৰ্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনাত প্ৰকাশ কৰিছে।
Assamese | January 7, 2025 8:37 PM | Akashvani | Assam Education | Assam Govt
এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ