আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি জখলাবন্ধাৰ দ্বাৰবাগৰি সমবায় সমিতি লিমিটেডৰ বাঘজান শাখা কার্যালয়ত সমবায় দিৱসৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি ২৯ জুনৰ পৰা ৬ জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাবন্ধাৰ দ্বাৰবাগৰি সমবায় সমিতি লিমিটেডৰ বাঘজান শাখা কার্যালয়ত সমবায় দিৱসৰ আয়োজন কৰা হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান প্রযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰেৰে কিদৰে সবমায় খণ্ডৰ উত্তৰণ ঘটাব পাৰি সেই বিষয়ে আলোকপাত কৰে।

এই অনুষ্ঠানতে খেতিপথাৰত কিদৰে ড্রোণ প্রযুক্তি ব্যৱহাৰ কৰিব পাৰি সেয়াও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, নগাঁও জিলাৰ কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও জিলা সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক প্রবীণ বৰা, দ্বাৰবাগৰি সমবায় সমিতিৰ সভাপতি মহিম ৰাজখোৱা আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে ১১খন সমবায়ৰ সভাপতি- সম্পাদক উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।