ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণৰ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা ১ আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে।
চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্রভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে।
বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে।
প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্রয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে।