July 30, 2026 11:43 AM

views 15

অহা ৩-৪ দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণৰ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা ১ আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্রভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক ...

July 18, 2026 8:16 PM

views 15

অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আজি ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আজি ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। ইফালে পশ্চিমবংগ, চিকিম, চত্তিশগড়, বিহাৰ, মধ্যপ্রদেশ, হিমাচল প্রদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, ওড়িশা আৰু উত্তৰখণ্ডতো কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে।

December 3, 2025 11:08 AM

views 90

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আশিংকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

September 26, 2025 12:09 PM

views 93

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত নাগালেণ্ড আৰু মিজোৰামত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞ...

September 14, 2025 12:24 PM

views 95

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি হিমালয়ৰ পাদদেশীয় অঞ্চলত প্ৰৱল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে ছিক্কিম, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশীয় অঞ্চল, বিহাৰ আৰু গোৱাৰ কোনো কোনো এলেকাত প্ৰৱল বৰষুণৰ আগজাননী দিছে। বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্রদেশ, চত্তিশগড়, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ কৰ্ণাটকৰ ভিতৰুৱা এলেকা ওড়িশা আৰু তেলেংগানাত কাইলৈ পৰ্যন্ত মুষলধাৰ বৰষুণ অব্যাহত থাকিব বুলিও সকীয়াই দিছে। ইপিনে, অহা দুই-তিনিদিনলৈ জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বাল্টিস্তান, মুজফফৰাবাদ আৰু তেল...

September 13, 2025 12:03 PM

views 90

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে গাজনি-ঢেৰেকনীৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

September 12, 2025 12:33 PM

views 62

দেশৰ কেইবাখনো ৰাজ্যত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশ, অসম, মেঘালয়, বিহাৰ, ছত্তিশগড়, কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল আৰু মধ্য মহাৰাষ্ট্ৰত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ওড়িশা, ছিকিম, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, উত্তৰাখণ্ডটো একে পৰিৱেশ বাহাল থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

August 24, 2025 1:10 PM

views 100

বতৰৰ বতৰা–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ...

July 4, 2025 12:39 PM

views 52

৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপ সাগৰৰ পৰা জলীয় বাস্ত্ৰৰ প্ৰভাৱত আজিৰপৰা ৬ জুলাইলৈ ৰাজ্যৰ ঠাইবিশেষে বিজুলী থেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আজি বৰপেটা আৰু বঙাইগাঁৱৰ কেতবোৰ ঠাইত ৭ ৰ পৰা ১১ ছেণ্টিমিটাৰৰ পৰা ১২ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। একেদৰে কাইলৈ আৰু পৰহিলৈ পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ঠাই বিশেষে বৰ...

June 27, 2025 11:58 AM

views 58

অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যকেইখনত আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰম আৰু আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তিনি-চাৰিদিন পর্যন্ত উত্তৰ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু দিল্লীত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে, পূৱ ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড আৰু পশ্চিম মধ্য প্ৰদেশত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি কৰ্ণাটকৰ উপকূলীয় অঞ্চল, কেৰালা, মাহে, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰতো এক...