ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশ, অসম, মেঘালয়, বিহাৰ, ছত্তিশগড়, কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল আৰু মধ্য মহাৰাষ্ট্ৰত প্ৰবল বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। ওড়িশা, ছিকিম, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, উত্তৰাখণ্ডটো একে পৰিৱেশ বাহাল থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।
Assamese | September 12, 2025 12:33 PM | IMD
দেশৰ কেইবাখনো ৰাজ্যত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ