ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰম আৰু আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তিনি-চাৰিদিন পর্যন্ত উত্তৰ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু দিল্লীত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে, পূৱ ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড আৰু পশ্চিম মধ্য প্ৰদেশত ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি কৰ্ণাটকৰ উপকূলীয় অঞ্চল, কেৰালা, মাহে, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব। অৰুণাচল প্ৰদেশৰ কিছু অংশ বিহাৰ, ছত্তিশগড়, পূব মধ্যপ্রদেশ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ অংশ বিশেষত মুষলধাৰ বৰষুণ হ’ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে।
Assamese | June 27, 2025 11:58 AM | IMD
অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যকেইখনত আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ