কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। তেওঁ শিৱপুৰীত আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য ডাকঘৰটো উদ্বোধন কৰে। এতিয়াৰে পৰা স্থানীয় ৰাইজে একেটা স্থানতে স্পীড পোষ্ট, সঞ্চয় বেংক, ডাক জীৱন বীমা, আধাৰ আৰু বিভিন্ন বিত্তীয় সেৱা লাভ কৰিব পাৰিব।
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে শিৱপুৰীৰ কাকৰৱায়াত দেশৰ সপ্তমটো ডাক প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ভূমিপূজন অনুষ্ঠানত অংশগ্রহণ কৰে।
প্ৰায় ৯১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া এই প্রশিক্ষণ কেন্দ্ৰটোত মধ্য প্ৰদেশৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ডাক বিভাগৰ কৰ্মচাৰীসকলক উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
এই কেন্দ্ৰটোৱে ডাক বিভাগৰ কৰ্মচাৰীসকলক দক্ষতা বৃদ্ধিৰ লগতে দেশৰ ডাক সেৱা অধিক শক্তিশালী আৰু উন্নত কৰাত সহায় কৰিব।