September 20, 2026 11:35 AM | Semicon India 2026

printer

ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া ২০২৬ৰ সফল সামৰণি

নতুন দিল্লীৰ য়শোভূমিত অনুষ্ঠিত ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া ২০২৬ৰ কালি সফলভাবে সামৰণি পৰে। ছিলিকন টু ছিষ্টেম: বিল্ডিং দ্যা ইক’ছিষ্টেম বিষয়বস্তুৰে তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত ৬০০ৰো অধিক প্রদর্শকে অংশগ্রহণ কৰে। ইয়াৰ ভিতৰত প্ৰায় ৩০০ আন্তঃৰাষ্ট্ৰীয় অংশগ্রহণকাৰী, ৫২ খন দেশৰ প্ৰতিনিধি আৰু ডেৰশ জনতকৈ অধিক বক্তা আছিল।

 জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নেডাৰলেণ্ডছ, ছিংগাপুৰ আৰু ছুইডেনক প্রতিনিধিত্ব কৰা ৬ খন পেভিলিয়নৰ লগতে ১২ খন দেশীয় পেভিলিয়নত ছেমি কণ্ডাক্টৰ মূল্য শৃংখলাৰ বিভিন্ন পৰিষৰ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানৰ বাবে মুঠ ৫১,৬৫৬টা পঞ্জীয়ন হোৱাৰ লগতে প্রায় ৪০ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ছেমিকন ইণ্ডিয়াত নীতি সন্দর্ভত আলোচনা আৰু প্ৰকল্প পৰিকল্পনাৰ পৰা বাণিজ্যিক ছেমি কণ্ডাক্টৰ উৎপাদনলৈ ভাৰতৰ অগ্রগতি সন্দৰ্ভত আলোকপাত কৰা হয়।

শ্রীমোদীয়ে যুৱ ছিপ নক্সা প্রস্তুতকাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে মোহালিৰ ছি ডি আই এল ছেমি কণ্ডাক্টৰ আৰু ছুৰাটৰ ছুচী ছেমিকনৰ বাণিজ্যিক উৎপাদন ব্যৱস্থা ভার্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। তিনিদিনীয়া এই সন্মিলনত ৫৬ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ উপৰি বিভিন্ন ঘোষণা আৰু কৌশলগত পদক্ষেপ গ্ৰহণ কৰা হয়।