February 27, 2025 4:35 PM

views 54

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্টঃ উচ্চতম ন্যায়ালয়

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে। শপতনামাত চৰকাৰে এনেধৰণৰ দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্ট বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা আৰোপৰ বাবে অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত এগৰাকী অধিবক্তাই এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনত ফৌজদাৰী গোচৰত দোষ...

January 22, 2025 7:43 PM

views 43

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ, অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত খণ্ড আদালতে শ্বাহী ঈদগাহ মছজিদে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৰ বিৰুদ্ধে জনোৱা আবেদন সন্দৰ্ভত আজি এই নির্দেশ দিয়ে। আবেদনখনত মছজিদ পক্ষৰ অধিবক্তাই আদালতৰ দ্বাৰা নিযুক্ত আয়ুক্তই মছজিদ পৰিদৰ্শনৰ...

January 2, 2025 4:27 PM

views 43

এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্ন কৰাৰ বাবে নিৰ্দেশ দিছে। ১৯৯১ চনৰ এই আইনখনে ১৯৪৭ চনৰ ১৫ আগষ্ট পর্যন্ত প্রচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি উপাসনাস্থলী পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে ৱেইচিৰ আবেদনখন এই সম্পৰ্কীয় অন্য বিচাৰাধীন আবেদনৰ সৈতে সংলগ্ন কৰিবলৈ নিৰ্দেশ দিছে। এই আবেদনসমূহ উপাসনাস্থলী সম্পর্কত...

November 13, 2024 8:40 PM

views 51

উচ্ছেদ কাৰ্য্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি বিজেপি

বিজেপিয়ে উচ্ছেদ কাৰ্য্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনাই এই ৰায় অকল এখন ৰাজ্যৰ বাবে নহয়, বৰং সমগ্ৰ দেশৰ বাবে বুলি মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত আজি নতুন দিল্লীত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত দলৰ মুখপাত্র সম্বিত পাত্ৰই কয় যে, ভাৰতত আইনৰ শাসন আছে আৰু দেশত নীতি-নিয়ম তথা সংবিধান অনুযায়ীহে ব্যৱস্থা গ্ৰহণ কৰা হয়। তেওঁ কয় যে, অপৰাধীৰ মনত ভয় আৰু জনসাধাৰণৰ মনত শান্তিৰ ভাৱনাৰ উদয় দেশৰ বাবে শুভ। কংগ্ৰেছেও সর্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনাইছে। দলৰ স...

November 7, 2024 8:26 PM

views 51

চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায়ঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায় বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন পাঁচজনীয়া বিচাৰপীঠে আজি কয় যে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়ম মাজতে সাল-সলনি কৰিব পৰা নাযায়। বিচাৰপীঠখনে লগতে বাচনিৰ নিয়ম স্বেচ্চাছাৰী হোৱা উচিত নহয় আৰু এই নিয়ম সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদ অনুৰূপ হোৱা উচিত বুলি প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে স্বচ্ছতা আৰু নিৰপেক্ষতা ৰাজহুৱা নিযু...

November 5, 2024 2:00 PM

views 49

ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰেঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি এটা সংখ্যাগৰিষ্ঠ ৰায়েৰে সকলো ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰে। অৱশ্যে সম্প্ৰদায়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু উপযোগী বুলি বিবেচিত হ’লে একাংশ ব্যক্তিগত সম্পত্তি এই শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব পাৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন ৯জনীয়া বিচাৰপীঠৰ ৮ গৰাকী সদস্যই ৰায়টোৰ সপক্ষে মত প্ৰকাশ কৰে। বিচাৰপীঠখনৰ সদস্য ন্যায়াধীশ নাগৰত্নাই আংশিকভাৱে সন্মতি প্ৰকাশ কৰাৰ বিপৰীতে ন্যায়া...

October 4, 2024 2:52 PM

views 46

তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতত ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত তদন্তকাৰী গোট গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতৰ বাবে ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত উঠা অভিযোগৰ তদন্তৰ বাবে এটা স্বাধীন বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই বিশেষ তদন্তকাৰী গোট দুগৰাকী চি বি আই বিষয়া, অন্ধ্ৰপ্ৰদেশৰ দুগৰাকী আৰক্ষী বিষয়া আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কর্তৃপক্ষ এগৰাকী বিষয়াক লৈ গঠন কৰা হৈছে। চি বি আইৰ সঞ্চালকে এই তদন্ত পর্যৱেক্ষণ কৰিব। এই গোচৰটোৰ সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সর্বোচ্চ ন্যায়ালয়ে কয় যে, বিষয়টোৰ সন্দৰ্ভ...

October 1, 2024 8:05 PM

views 40

দেশৰ বিভিন্ন প্ৰান্তত বাসগৃহ বিনষ্ট কৰা পদক্ষেপৰ বিৰুদ্ধে কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সংৰক্ষিত

উচ্চতম ন্যায়ালয়ে শাস্তিমূলকভাৱে ব্যৱস্থা হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বাসগৃহ বিনষ্ট কৰা পদক্ষেপৰ বিৰুদ্ধে দাখিল কৰা আবেদন সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ বি আৰ গাভাই আৰ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে, কোনো এজন লোক অভিযুক্ত নাইবা অপৰাধী হোৱা বাবেই তেওঁৰ বাসগৃহ ধ্বংস কৰিব পৰা নাযায়। বুলড'জাৰ জাষ্টিচ বুলি আখ্যা দিয়া এই ব্যৱস্থাৰ সন্দৰ্ভত দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে কয় যে, অকৰ্তৃত্বশীলভাৱে বা ৰাজহুৱা স্থানত কৰা দখল উচ্ছেদ কৰিব পৰা যাব যদিও কোনো অভিযুক্তৰ বাসগৃহ আদালতৰ ...

September 16, 2024 8:01 PM

views 45

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰৰ শুনানী কাইলৈও অব্যাহত থাকিব

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা শুনানী কাইলৈও অব্যাহত থাকিব। শীর্ষ আদালতখনে যোৱা মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চুও মর্ট অর্থাৎ নিজাববীয়াকৈ গোচৰৰ শুনানী গ্রহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত বিচাৰ-বিবেচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে শনিবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আ...

August 22, 2024 8:14 PM

views 39

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু কলকাতা আৰক্ষীয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আবাসীক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্রক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি প্ৰতিবাদত চিকিৎসকসকলক কামলৈ উভতি যাবলৈ আহ্বান জনায়। বিচাৰপীঠখনে কয় যে, বৰ্তমানৰ প্ৰতিবাদ কাৰ্যসূচীয়ে জনস্বাস্থ্য ব্যৱস্থাত গুৰুতৰ প্রভাৱ ...