গুৱাহাটী উচ্চ ন্যায়ালয় কর্তৃপক্ষ আৰু ন্যায়াধীশক উদ্দেশ্যি বিৰূপ মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তৰা দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে আজি মানহানিৰ গোচৰৰ ভিত্তিত তিনিজন অধিবক্তালৈ জাননী জাৰি কৰে। ৩ জন অধিবক্তাকে ১৩ মে’ৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। ন্যায়ালয়ে লগতে বিৰূপ মন্তব্য সম্বলিত ভিডিঅ’ ইউটিউবৰ উপৰি এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ পৰা আঁতৰাই দিবলৈ আৰু ভিডিঅ সমূহ আঁতৰ হোৱাটো নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে।
Assamese | April 11, 2025 8:36 PM | Akashvani News | Supreme Court
অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে