উচ্চতম ন্যায়ালয়ে আজি এটা সংখ্যাগৰিষ্ঠ ৰায়েৰে সকলো ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰে। অৱশ্যে সম্প্ৰদায়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু উপযোগী বুলি বিবেচিত হ’লে একাংশ ব্যক্তিগত সম্পত্তি এই শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব পাৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন ৯জনীয়া বিচাৰপীঠৰ ৮ গৰাকী সদস্যই ৰায়টোৰ সপক্ষে মত প্ৰকাশ কৰে। বিচাৰপীঠখনৰ সদস্য ন্যায়াধীশ নাগৰত্নাই আংশিকভাৱে সন্মতি প্ৰকাশ কৰাৰ বিপৰীতে ন্যায়াধীশ ধুলীয়াই অসন্মতি প্রকাশ কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ ফলত ব্যক্তিগত সম্পত্তিক ব্যাপকভাৱে সম্প্ৰদায়ৰ সম্পত্তি বুলি পূৰ্বতে দিয়া ব্যাখ্যা বাতিল হৈছে। এই ক্ষেত্ৰত পূৰ্বৰ ব্যাখ্যা বাধ্য-বাধক নাছিল বুলি ৰায়টোত উল্লেখ কৰা হৈছে।
Assamese | November 5, 2024 2:00 PM | India Govt. | Supreme Court | Supreme Court of India
ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰেঃ উচ্চতম ন্যায়ালয়