পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱক্ফ সংশোধনী আইনৰ বিৰোধিতাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে সর্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন ৫ সদস্যবিশিষ্ট ন্যায়িক তদন্ত আয়োগ গঠনৰ বাবে দাখিল হোৱা এখন জনস্বার্থজড়িত আবেদনৰ আজি সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। শীর্ষ আদালতৰ ৱেবছাইটৰ তথ্য অনুসৰি ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ এন কে সিঙৰ খণ্ডপীঠে আবেদনখনৰ শুনানি গ্রহণ কৰিব। এই আবেদনখনত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক এখন প্রতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়াৰো অনুৰোধ কৰা হৈছে।
Assamese | April 21, 2025 3:47 PM | Akashvani News | Supreme Court | Waqf bill | West Bangal
ৱক্ফ সংশোধনী আইনৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক প্রতিবেদন দাখিলৰ বাবে নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ