উচ্চতম ন্যায়ালয়ে আজি চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায় বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন পাঁচজনীয়া বিচাৰপীঠে আজি কয় যে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়ম মাজতে সাল-সলনি কৰিব পৰা নাযায়। বিচাৰপীঠখনে লগতে বাচনিৰ নিয়ম স্বেচ্চাছাৰী হোৱা উচিত নহয় আৰু এই নিয়ম সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদ অনুৰূপ হোৱা উচিত বুলি প্ৰকাশ কৰে।
সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে স্বচ্ছতা আৰু নিৰপেক্ষতা ৰাজহুৱা নিযুক্তি প্ৰক্ৰিয়াৰ পৰিচয় হোৱাৰ উচিত আৰু আধাতে নিয়ম সলনি কৰি প্ৰাৰ্থীসকলক কোনো ধৰণৰ অসুবিধাত পেলোৱা উচিত নহয় বুলিও মন্তব্য কৰে।
Assamese | November 7, 2024 8:26 PM | Supreme Court | Supreme Court of India
চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায়ঃ উচ্চতম ন্যায়ালয়