উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয়, যে সমগ্র নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহযুক্ত আৰু ইয়াৰ বিশ্বাসযোগ্যতা আৰু বৈধতা গ্ৰহণযোগ্য নহয়। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠে কয়, যে অনাগত তিনি মাহৰ ভিতৰত এটা নতুন নির্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। অৱশ্যে বিচাৰপীঠে লগতে মানৱীয় দৃষ্টিভংগীৰে দিব্যাংগ কৰ্মচাৰীসকলৰ চাকৰি অব্যাহত ৰখাৰ নিৰ্দেশ দিছে। ইয়াৰ লগতে কোনো অভিযোগ নথকা কৰ্মচাৰীসকলক নতুন প্ৰক্ৰিয়াৰ পৰা অব্যাহত দিবলৈ নিৰ্দেশ দিছে।
Assamese | April 3, 2025 7:00 PM | Akashvani News | Supreme Court
পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে