উচ্চতম ন্যায়ালয়ে আজি এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্ন কৰাৰ বাবে নিৰ্দেশ দিছে। ১৯৯১ চনৰ এই আইনখনে ১৯৪৭ চনৰ ১৫ আগষ্ট পর্যন্ত প্রচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি উপাসনাস্থলী পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে ৱেইচিৰ আবেদনখন এই সম্পৰ্কীয় অন্য বিচাৰাধীন আবেদনৰ সৈতে সংলগ্ন কৰিবলৈ নিৰ্দেশ দিছে। এই আবেদনসমূহ উপাসনাস্থলী সম্পর্কত চলি থকা গোচৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ, নতুন গোচৰ পঞ্জীয়ন নাইবা অনুৰূপ বিষয়ৰ বাবে দাখিল কৰা হৈছিল। উল্লেখযোগ্য যে বিগত বছৰৰ ১২ ডিচেম্বৰত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বৰ বিশেষ বিচাৰপীঠে উপাসনাস্থলী আইনৰ অধীনত কোনো নতুন গোচৰ পঞ্জীয়ন কৰা নহ’ব আৰু বিচাৰাধীন গোচৰসমূহৰ ক্ষেত্ৰত কোনো চূড়ান্ত বা কাৰ্যকৰী আদেশ দিয়া নহ’ব বুলি ৰায় দিছিল। বিশেষ বিচাৰপীঠখনে লগতে কেন্দ্ৰীয় চৰকাৰক উপাসনাস্থলী আইন, ১৯৯১-ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ উত্তৰ ৪ সপ্তাহৰ ভিতৰত দাখিল কৰিবলৈও নির্দেশ দিছিল।
Assamese | January 2, 2025 4:27 PM | Supreme Court
এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ