October 4, 2024 2:52 PM

views 60

তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতত ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত তদন্তকাৰী গোট গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতৰ বাবে ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত উঠা অভিযোগৰ তদন্তৰ বাবে এটা স্বাধীন বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই বিশেষ তদন্তকাৰী গোট দুগৰাকী চি বি আই বিষয়া, অন্ধ্ৰপ্ৰদেশৰ দুগৰাকী আৰক্ষী বিষয়া আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কর্তৃপক্ষ এগৰাকী বিষয়াক লৈ গঠন কৰা হৈছে। চি বি আইৰ সঞ্চালকে এই তদন্ত পর্যৱেক্ষণ কৰিব। এই গোচৰটোৰ সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সর্বোচ্চ ন্যায়ালয়ে কয় যে, বিষয়টোৰ সন্দৰ্ভ...

October 1, 2024 8:05 PM

views 54

দেশৰ বিভিন্ন প্ৰান্তত বাসগৃহ বিনষ্ট কৰা পদক্ষেপৰ বিৰুদ্ধে কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সংৰক্ষিত

উচ্চতম ন্যায়ালয়ে শাস্তিমূলকভাৱে ব্যৱস্থা হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বাসগৃহ বিনষ্ট কৰা পদক্ষেপৰ বিৰুদ্ধে দাখিল কৰা আবেদন সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখিছে। ন্যায়াধীশ বি আৰ গাভাই আৰ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে, কোনো এজন লোক অভিযুক্ত নাইবা অপৰাধী হোৱা বাবেই তেওঁৰ বাসগৃহ ধ্বংস কৰিব পৰা নাযায়। বুলড'জাৰ জাষ্টিচ বুলি আখ্যা দিয়া এই ব্যৱস্থাৰ সন্দৰ্ভত দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে কয় যে, অকৰ্তৃত্বশীলভাৱে বা ৰাজহুৱা স্থানত কৰা দখল উচ্ছেদ কৰিব পৰা যাব যদিও কোনো অভিযুক্তৰ বাসগৃহ আদালতৰ ...

September 16, 2024 8:01 PM

views 55

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰৰ শুনানী কাইলৈও অব্যাহত থাকিব

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা শুনানী কাইলৈও অব্যাহত থাকিব। শীর্ষ আদালতখনে যোৱা মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চুও মর্ট অর্থাৎ নিজাববীয়াকৈ গোচৰৰ শুনানী গ্রহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত বিচাৰ-বিবেচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে শনিবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আ...

August 22, 2024 8:14 PM

views 55

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু কলকাতা আৰক্ষীয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী আবাসীক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত তদন্তৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্রক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি প্ৰতিবাদত চিকিৎসকসকলক কামলৈ উভতি যাবলৈ আহ্বান জনায়। বিচাৰপীঠখনে কয় যে, বৰ্তমানৰ প্ৰতিবাদ কাৰ্যসূচীয়ে জনস্বাস্থ্য ব্যৱস্থাত গুৰুতৰ প্রভাৱ ...

August 21, 2024 12:04 PM

views 53

চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

■ উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে কালি ক’লকাতাৰ আৰ জে কৰ হাস্পতালত এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ শুনানি গ্রহণ কৰি কাৰ্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি ...

August 20, 2024 5:37 PM

views 51

চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে আজি কলকাতাৰ এখন চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ শুনানি গ্রহণ কৰি কার্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশত...

August 1, 2024 2:54 PM

views 64

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ২০০৪ চনৰ পি ভি চিন্নায়াৰ ৰায়ক ৬-১ বহুমতত খাৰিজ কৰে। চিন্নায়াই তেওঁৰ ৰায়ত অনুসূচিত জাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত উপ-বৰ্গীকৰণ চৰকাৰী চাকৰি আৰু প্ৰৱেশৰ ক্ষেত্ৰত স্বীকাৰ কৰা নহ'ব বুলি কৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিজৰ ৰায়ত আজি ঐতিহাসিক সাক্ষ্যৰ বিষয়ে উল্লেখ কৰ...

July 29, 2024 6:32 PM

views 89

উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমিলমিলেৰে সমাধান কৰাৰ এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোকআদালতসমূহক ন্যায় লাভৰ বাবে দক...

July 25, 2024 10:39 AM

views 51

উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

July 18, 2024 7:04 PM

views 54

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ শপত গ্ৰহণ

ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে অধিষ্ঠিত থকাৰ বিপৰীতে ন্যায়াধীশ আৰ মহাদেৱন মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰূপে নিযুক্ত আছিল।