উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Assamese | July 25, 2024 10:39 AM | Supreme Court
উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত