শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি উলহ মালহেৰে শোণিতপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু চহকী সাংস্কৃতিক পৰিচয়ক লৈ এটা বর্ণিল বাকাথনেৰে এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে ১৯৮৯ চনৰ ৩ আগষ্টত অবিভক্ত দৰং জিলাক পৃথক কৰি এখন সুকীয়া প্রশাসনিক জিলা হিচাপে গঠন কৰা হৈছিল। জিলা দিৱসৰ উপলক্ষে স্থানীয় প্রশাসনে রাকাথন, যোগাসন, সূর্য নমস্কাৰ, ছহিদ তর্পণ, ৰক্তদান শিবিৰ আৰু চিকিৎসা শিবিৰকে আদি কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপর্ণ শর্মাই বাকাথন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয়, যে প্রশাসনৰ এই কাৰ্যসূচীয়ে শোণিতপুৰৰ পৰিচয় আৰু ঐতিহ্যক সামৰি লৈ জিলাবাসীৰ মাজত একতা, ভাতৃত্ববোধ শক্তিশালী কৰিছে।
Assamese | August 3, 2026 1:20 PM | Sonitpur District Day
উলহ মালহেৰে আজি শোণিতপুৰ জিলা দিৱস উদযাপন