ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গেৰুকামুখত থকা এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্রকাশ কৰি ডাঃ পেগুবে কয়, যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূর্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্র প্রক্রিয়া সতর্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি পতিয়ন যায়। ড° পেণ্ডবে ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণক নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিয়ে। তেওঁ কয়, যে প্রবল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্রিতভাবে এৰি দি বান হ্রাস কৰাৰ ক্ষমতা এই বান্ধটোৰ আছে। তেওঁ কয়, যে নদীৰ তলৰ পৰা ১১৬ মিটাৰ ওখ এই বান্ধৰ জলাশয়টোত ৯২ মিটাৰ পর্যন্ত পানী জমা হৈ আছে। তদুপৰি বান নিয়ন্ত্ৰণৰ বাবে অতি কমেও ১৫ মিটাৰৰ ফ্লাড কুচন অর্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বর্তমান নামনিৰ ফালে প্রতি চেকেণ্ডত প্রায় ৩ হাজাৰ ৮০০ ঘনমিটাৰ পানী এৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই অতি নিষ্ঠা আৰু যত্নৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়ৰে কাম কৰি আছে বুলি উল্লেখ কৰে।
Assamese | August 3, 2026 1:08 PM | Ranoj Pegu - NHPC
গেৰুকামুখৰ এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ