মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৭৫ হাজাৰ পৰিয়ালৰ বাবে অন্তৱর্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক ১০ হাজাৰ টকাকৈ দ্বিতীয়টো কিস্তি প্রদান কৰা হ’ব। ৰাজ্য চৰকাৰে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আর্থিক সাহায্য মুকলি কৰা হ’ব। মুখ্যমন্ত্রীয়ে ভয়াবহ বান পৰিস্থিতিত দুর্গতসকলক সহায় সহযোগিতা আগবঢ়োৱাসকলক ধন্যবাদ জনায়। তেওঁ লগতে বানত প্রাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ অতিৰিক্ত পাঁচ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে।
এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী সূর্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্রভাবিত চাৰিখন জিলাৰ ৯ হাজাৰ ২৮৯ গৰাকী হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজ সাহায্য মুকলি কৰে। অনুষ্ঠানত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে।
ড° শৰ্মাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। তেওঁ লগতে আশ্রয় শিবিৰত থকা লোকসকলৰ সৈতেও মত বিনিময় কৰিব।
উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ ৩৩৫ খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত ১ লাখ ৩৬ হাজাৰ ২০৩ জন লোক প্রভাৱিত হৈছে। তদুপৰি ১৫ হাজাৰ ৪২২ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৫ হৈছেগৈ।