August 3, 2026 1:02 PM

views 32

অন্তৱর্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তি প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৭৫ হাজাৰ পৰিয়ালৰ বাবে অন্তৱর্তীকালীন বান সাহায্য হিচাপে ১৫ হাজাৰ টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক ১০ হাজাৰ টকাকৈ দ্বিতীয়টো কিস্তি প্রদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আর্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্রীয়ে ভয়াবহ বান পৰিস্থিতিত দুর্গতসকলক সহায় সহযোগিতা আগবঢ়োৱাসকলক ধন্য...

July 31, 2026 8:56 PM

views 14

বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউত অব্যাহত জিলা প্ৰশাসন-স্বেচ্ছাসেৱী সংগঠনসমূহৰ বান সাহায্য বিতৰণ কাৰ্যসূচী

বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত, জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ সক্ৰিয় সহযোগত বান সাহায্য বিতৰণ কাৰ্যসূচী পূর্ণগতিত চলি আছে। শেহতীয়া বানত সবাতোকৈ ক্ষতিগ্রস্ত দুয়োখন জিলাতে কেইবাটাও শিখ ধৰ্মাৱলম্বী সংগঠনে পুনৰবাসনৰ কাম আৰম্ভ কৰিছে।

July 29, 2026 7:02 PM

views 16

বানত ক্ষতিগ্রস্ত অঞ্চলসমূহত ৰাজ্য চৰকাৰৰ সাহায্য সামগ্রী বিতৰণ প্ৰক্ৰিয়া অব্যাহত

ৰাজ্য চৰকাৰে বানত ক্ষতিগ্রস্ত অঞ্চলসমূহত সাহায্য সামগ্রী বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত লোকসকলে যাতে খাদ্যসামগ্রী, শিশু খাদ্য, খোৱাপানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্রীসমূহ নিয়মীয়াকৈ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে।  পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে নাজিৰা আৰু চৰাইদেউৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত প্লাষ্টিকৰ বটল সংগ্রহ অভিযান চলাইছে। সংগ্ৰহ কৰা বটলসমূহ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে প্ৰেৰণ কৰা হৈছে। বানৰ পৰৱৰ্তী সময়ত জণ্ডিছ, ডায়েৰিয়া, চৰ্ম ৰোগকে ধৰি বিভিন...