July 29, 2026 7:02 PM | flood relief assam

printer

বানত ক্ষতিগ্রস্ত অঞ্চলসমূহত ৰাজ্য চৰকাৰৰ সাহায্য সামগ্রী বিতৰণ প্ৰক্ৰিয়া অব্যাহত

ৰাজ্য চৰকাৰে বানত ক্ষতিগ্রস্ত অঞ্চলসমূহত সাহায্য সামগ্রী বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত লোকসকলে যাতে খাদ্যসামগ্রী, শিশু খাদ্য, খোৱাপানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্রীসমূহ নিয়মীয়াকৈ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। 

পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে নাজিৰা আৰু চৰাইদেউৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত প্লাষ্টিকৰ বটল সংগ্রহ অভিযান চলাইছে। সংগ্ৰহ কৰা বটলসমূহ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বানৰ পৰৱৰ্তী সময়ত জণ্ডিছ, ডায়েৰিয়া, চৰ্ম ৰোগকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যোৰহাট জিলাৰ তিতাবৰৰ জোনাকী মণ্ডল গাঁৱত বীজানুনাশক দ্ৰব্য ছটিওৱা হয়।