উচ্চতম ন্যায়ালয়ে তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতৰ বাবে ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত উঠা অভিযোগৰ তদন্তৰ বাবে এটা স্বাধীন বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই বিশেষ তদন্তকাৰী গোট দুগৰাকী চি বি আই বিষয়া, অন্ধ্ৰপ্ৰদেশৰ দুগৰাকী আৰক্ষী বিষয়া আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কর্তৃপক্ষ এগৰাকী বিষয়াক লৈ গঠন কৰা হৈছে। চি বি আইৰ সঞ্চালকে এই তদন্ত পর্যৱেক্ষণ কৰিব। এই গোচৰটোৰ সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সর্বোচ্চ ন্যায়ালয়ে কয় যে, বিষয়টোৰ সন্দৰ্ভত উঠা অভিযোগ আৰু প্ৰতিঅভিযোগৰ কোনো যথাৰ্থতা দেখা পোৱা হোৱা নাই আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা আদালতৰ সিদ্ধান্তক ৰাজনৈতি কাৰণত ব্যৱহাৰ কৰা উচিত নহয় ৷ তিৰুমালা মন্দিৰৰ কোটি কোটি ভক্তৰ অনুভৱৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এই নিৰ্দেশ প্রদান কৰিছে বুলিও শীর্ষ আদালতে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে শীর্ষ আদালতে জ্যেষ্ঠ বিজেপি নেতা সুব্রমণিয়ন স্বামী, ৰাজ্যসভাৰ সাংসদ আৰু প্ৰাক্তন অধক্ষ তথা তিৰুমালা তিৰুপতি দেৱস্থানম ৱাই ভি ছুব্বাৰেড্ডি আৰু ইতিহাসবিদ বিক্ৰম সম্পতৰ লগতে আন ভালেমান লোকৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।
Assamese | October 4, 2024 2:52 PM | Supreme Court
তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতত ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত তদন্তকাৰী গোট গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ