May 28, 2024 4:27 PM

views 43

স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রী মোদীয়ে কৈছে যে মাতৃভূমিৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা বীৰ সাৱৰকাৰ সদায় দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

May 28, 2024 4:23 PM

views 62

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাপুৱা নিউগিনিত সংঘটিত হোৱা ভয়াৱহ ভূমি স্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী মোদীয়ে কৈছে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ভাৰতে সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনাইছে। ভাৰতে সম্ভৱপৰ সকলো সহায় আৰু সহযোগিতা আগবঢ়াবলৈ সাজু হৈ আছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে।

May 22, 2024 9:52 AM

views 48

জম্মু-কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে : প্রধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে জম্মু-কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে আৰু এয়া গণতন্ত্ৰৰ মাপকাঠি ৰূপে পৰিগণিত হৈছে। ব্যক্তিগত নিউজ চেনেলক দিয়া এটা সাক্ষাৎকাৰত শ্ৰীমোডীয়ে কয় যে কাশ্মীৰত ভোটদানৰ হাৰে বিগত ৩০-৪০ বছৰৰ অভিলেখ ভংগ কৰিছে । মুদ্রাস্ফীতি সন্দৰ্ভত মত প্রকাশ কৰি শ্ৰীমোডীয়ে ভাৰতত আন দেশৰ তুলনাত মুদ্রাস্ফীতি নিয়ন্ত্ৰণত আছে বুলি দাবী কৰে। তেওঁ কয় যে বৰ্তমান ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ বাবে খাদ্য, ইন্ধন আৰু সাৰৰ মূল্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিছে। তেওঁ কয...

May 21, 2024 11:42 AM

views 61

বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’লে দেশত উমৈহতীয়া দেৱানী বিধি প্রযোজ্য কৰা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যম পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কৈছে যে, বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’লে দেশত উমৈহতীয়া দেৱানী বিধি প্রযোজ্য কৰা হ'ব। প্ৰধানমন্ত্রীয়ে লগতে কয় যে, দেশত এক দেশ, এক নির্বাচন নীতিও প্ৰৱৰ্তন কৰা হ'ব। নতুন চৰকাৰত যুৱ সমাজৰ আশা-আকাংক্ষাক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, দেশৰ পৰা যুৱ সমাজে কি আশা কৰে সেই বিষয়ত জানিবৰ বাবে চৰকাৰৰ প্রথম ১০০ দিনৰ কৰ্ম আঁচনিত অতিৰিক্ত ২৫ দিন যোগ দিয়া হ'ব। যুৱ সমাজে ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ ক...

May 20, 2024 12:58 PM

views 38

সুযোগ, পৰিমাপ, গতি আৰু দক্ষতা যেতিয়া মিলিত হয়, তেতিয়া দেশে বহুখিনি সাফল্য অর্জন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় হৈছে সুশাসন। এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, চৰকাৰে ৰে'ল ব্যৱস্থাৰ আধুনিকীকৰণৰ লগতে আন্তঃগাঁথনি সৃষ্টি কৰিছে। তেওঁ লগতে জনসাধাৰণ কেন্দ্ৰিক সুশাসনৰ মন্ত্ৰৰ ওপৰত জোৰ দিয়ে। প্রধানমন্ত্রী গৰাকীয়ে কয় যে, ভাৰত ঔদ্যোগিক বিপ্লৱৰ দিশে আগবাঢ়ি যোৱাৰ পথত আছে। শ্রীমোদীয়ে কয় যে, যেতিয়া সুযোগ, পৰিমাপ, গতি আৰু দক্ষতা মিলিত হয়, তেতিয়া দেশে বহুখিনি সাফল্য অর্জন কৰিব পাৰে। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক...

May 20, 2024 12:55 PM

views 39

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি বিহাৰলৈ ৰাওনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। আজি সন্ধিয়া শ্রীমোদী পাটনাত উপস্থিত হৈ দুটা পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ পাছত তেওঁ পাটনাব ৰাজেন্দ্ৰ নগৰত জ্যেষ্ঠ বিজেপি নেতা প্রয়াত সুশীল কুমাৰ মোদীৰ বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শ্রদ্ধা তর্পণ কৰিব। সূত্রসমূহে প্রকাশ কৰা মতে শ্রীমোদীয়ে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ গৈ দলীয় নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। কাইলৈ তেওঁ চিৱান সংসদীয় সমষ্টিৰ পূব চাম্পাৰণ আৰু গোৰীয়া...

May 17, 2024 12:36 PM

views 44

নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা। দিল্লীৰ এটা সংবাদ গোষ্ঠীক কালি দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, বিশ্বৰ সন্মুখত নিজৰ নিদৰ্শনমূলক কামসমূহ দাঙি ধৰাটো তেওঁৰ চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে, গণতন্ত্রত নির্বাচনক অকল জয়-পৰাজয়ৰে পৰিভাষিত কৰা উচিত নহয়। নির্বাচনে কোনো ধৰণৰ বিচ্যুতি অবিহনে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ দলৰ বাৰ্তা ভগাই লোৱাৰ সুযোগ প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে, দলটোৰ বাবে ক্ষমতাত থ...

May 13, 2024 10:51 AM

views 57

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে বাৰাকপুৰৰ জগতদলত দুখন নির্বাচনী সভাত ভাগ লয়। উত্তৰ প্ৰদেশতো কালি ভিন ভিন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতা আৰু তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রী...

May 11, 2024 8:30 PM

views 39

সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

♦লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ বৰগঢ়ত এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে, কংগ্ৰেছে দেশৰ সংবিধান সলনি কৰিব বিচাৰে। কংগ্ৰেছে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্...

May 11, 2024 2:26 PM

views 75

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...